Show/Hide Keyboard Layout

দুহাততে দিছা

- ডলি ঘোষ

ওঁ হো.... (আলাপ)

ওঁ হো.... (আলাপ)

 

দুহাততে দিছা মোক ফুল

ভাষা নাই মোৰ ওলগৰে ।

 

জীৱনত দিছা শুভাশিষ

পাহি মেলি যেন উৰিবলে

পাহি মেলি যেন উৰিবলে ।

 

বৰ ভাল লগা, গভীৰ মৰম

অৰ্থময় হ’ল এধানি জীৱন ।

 

দিছাহি বাতৰি, শিহৰণ আছে

দিছাহি বাতৰি, বহু ৰং আছে ।

 

মোহনীয়া জোনাকী মৰম

কিযে অপৰূপ হৃদয়ৰে

কিযে অপৰূপ হৃদয়ৰে ।

 

মই এটি জুৰি বনৰে বুকুত

বৈ যাব খোজোঁ সাগৰ ধিয়াই

মই এটি জুৰি বনৰে বুকুত

বৈ যাব খোজোঁ সাগৰ ধিয়াই ।

 

কত জান-জুৰি বাটতে হেৰাল

কত ফুল কলি নুফুলি শুকাল

মোহনীয়া জোনাকী মৰম

কিযে অপৰূপ হৃদয়ৰে

কিযে অপৰূপ হৃদয়ৰে ।

 

দুহাততে দিছা মোক ফুল

ভাষা নাই মোৰ ওলগৰে

ভাষা নাই মোৰ ওলগৰে ।

Hits: 2259